আৰণ্যকৰ মানৱ-হাতী সংঘাত প্ৰশমন প্ৰচেষ্টাত ভিলেজ চেম্পিয়নসকল গুৰুত্বপূৰ্ণ উপাদান

Story by  atv | Posted by  [email protected] • 1 Years ago
আৰণ্যকৰ মানৱ-হাতী সংঘাত প্ৰশমন প্ৰচেষ্টাত ভিলেজ চেম্পিয়নসকল গুৰুত্বপূৰ্ণ উপাদান
আৰণ্যকৰ মানৱ-হাতী সংঘাত প্ৰশমন প্ৰচেষ্টাত ভিলেজ চেম্পিয়নসকল গুৰুত্বপূৰ্ণ উপাদান
 
গুৱাহাটী
 
অসম আৰু মেঘালয়ত মানৱ-হাতী সংঘাত প্ৰশমনৰ লগতে মানুহ আৰু হাতীৰ সহাৱস্থানৰ হকে অব্যাহত ৰখা গৱেষণা-চালিত প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শুকুৰবাৰে ডিব্ৰুগড়ত যোৰহাট, শিৱসাগৰ,  ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মানৱ-হাতী সংঘাতৰ ঘাটি হিচাপে চিহ্নিত ১৫ খন গাৱঁৰ গাওঁ চেম্পিয়নসকলৰ (ভিলেজ চেম্পিয়নছ)এখন প্ৰশিক্ষণ তথা সজাগতা কৰ্মশালা অনুষ্ঠিত কৰে।
 
 
জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰৰ নেতৃত্বত আৰণ্যকৰ সমল ব্যক্তিৰ এটা দলে পৰিচালনা কৰা আৰু “ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট আৰু ডাৰউইন ইনিচিয়েটিভে” পৃষ্ঠপোষকতা কৰা এটা প্ৰকল্পৰ অধীনত আয়োজিত কৰ্মশালাখনত এই আটাইকেইখন জিলাৰ ক্ষেত্ৰ সহায়ক আৰু প্ৰকল্প সহায়কসকলেও অংশগ্ৰহণ কৰে।
 
ড০ লহকৰে তেওঁৰ ভাষণত গাওঁ চেম্পিয়নসকলক মানৱ-হাতী সংঘাতৰ ঘাটি এলেকাত এই সংঘাত প্ৰশমনত তেওঁলোকে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আৱগত কৰে । তেওঁ গাওঁ চেম্পিয়নসকলৰ দায়িত্বৰ লগতে বন্যহস্তীয়ে কৰা শস্য আৰু ঘৰৰ ক্ষতিৰ বাবদ চৰকাৰৰ পৰা ক্ষতিপূৰণ আদায়ৰ পদ্ধতিৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে।
 
কৰ্মশালাৰ মুহূৰ্তত
 
তেওঁ গাওঁ চেম্পিয়নসকলক নিজ নিজ গাঁওবাসীক এই পদ্ধতিৰ বিষয়ে সজাগ কৰিবলৈ আহ্বান জনায় যাতে মানৱ-হাতী সংঘাতৰ ঘাটি এলেকাত ক্ষতিগ্ৰস্ত গাঁওবাসীয়ে তৎকালীনভাবে এনে ক্ষতিপূৰণ লাভ কৰিব পাৰে।
 
কৰ্মশালাখনত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰি আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ শিক্ষাদাতা জয়ন্ত কুমাৰ পাঠকে কয়, “হাতীয়ে মানৱ বসতিস্থলত প্ৰৱেশ কৰা নাই। প্ৰকৃতাৰ্থত মানুহেহে হাতীৰ বাসস্থান দখল কৰিছে”। তেওঁ প্ৰকৃতি সংৰক্ষণ, ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাৰ দৃষ্টিকোণেৰে মানৱ-হাতীৰ অভিন্ন সম্পৰ্ক সন্দৰ্ভতো অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।
 
আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ প্ৰৱন্ধক অঞ্জন বৰুৱাই মানৱ-হস্তীৰ সংঘাত প্ৰশমন আৰু সহাৱস্থানৰ ক্ষেত্ৰত স্থানীয় লোকৰ দ্বাৰা পৰিচালিত কম খৰচী সৌৰশক্তিচালিত বেৰাৰ উপকাৰিতা আৰু পৰিচালনাৰ বিষয়ে উপস্থাপন কৰে। তেওঁ কয় যে এই হ্ৰস্বম্যাদী প্ৰশমন ব্যৱস্থাই মানৱ-হাতী সংঘাতৰ ঘাটি এলেকাবোৰত কষ্টকৰ পৰিস্থিতিত থকা সমাজখনক এক বৃহৎ সকাহ দিব পাৰে।
 
প্ৰতি বছৰে অধিক গুৰুতৰ ৰুপ ধাৰণ কৰা মানৱ-হস্তী সংঘাত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ফলপ্ৰসূ উপায় সন্দৰ্ভত স্থানীয় লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ অতি প্ৰয়োজন হৈছে।
 
এই উদ্দেশ্যে আৰণ্যকে পূৱ অসমৰ পাঁচখন জিলা - যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ ২০ খন হাতী আক্ৰান্ত গাঁৱৰ গাওঁ চেম্পিয়ন সকলৰ এটা সমষ্টি গঠন কৰিছে।
 
গাঁও চেম্পিয়ন হৈছে মানৱ-হাতী সংঘাত আৰু ইয়াৰ ফলপ্ৰসূ প্ৰশমন ব্যৱস্থাৰ বিষয়ে গাওঁবাসীৰ মাজত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ দায়িত্ব ন্যস্ত থকা অবৈতনিক পদ। গাঁও চেম্পিয়নসকল হৈছে আৰণ্যক দলে মানুহ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে কাম কৰি থকা গাঁৱবোৰৰ পৰা বাছনি কৰা স্থানীয় যুৱক । তেওঁলোকে হাতী, মানৱ-হাতী সংঘাত এৰাই চলা, আৰু সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীক ৰাইজৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব।
 
পূব অসম আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ ২০ খন নিৰ্ধাৰিত গাঁৱৰ কমেও ৭০% পৰিয়ালক মানৱ-হাতী সংঘাতৰ বিষয়ে সজাগ কৰিবলগা এই চেম্পিয়ন সকলক আৰণ্যকে প্ৰশিক্ষণ দিছে । গাওঁ চেম্পিয়নৰ জৰিয়তে গাঁৱৰ লোকসকলক হাতী, আৰু মানৱ-হাতী সংঘাতৰ বিষয়ে জ্ঞান দিয়াটো আৰাণ্যকৰ মানৱ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱা লক্ষ্যৰ এটা অংশ। আৰণ্যকে ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহযোগত আৰু ডাৰউইন ইনিচিয়েটিভৰ সমৰ্থনত এই উদ্যোগ গ্ৰহণ কৰিছে ।