ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসম ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা কি কি কৰিলে ?

Story by  atv | Posted by  [email protected] • 2 Years ago
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
গুৱাহাটী
 
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচী লৈ আজি গুৱাহাটীত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ বহুকেইটা প্ৰকল্প ৰূপায়ণ কৰে। প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা মুৰ্মুৱে চাহ বাগিচাৰ ১০০ খন মডেল স্কুল আৰু এখন মেডিকেল কলেজৰ দৰে একাধিক প্ৰকল্প মুকলি অনুষ্ঠানত অংশ ল'ব। 
 
চৰকাৰী সূত্ৰই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি মুৰ্মুৱে বৃহস্পতিবাৰে আগৰতলাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ দুদিনীয়া অসম ভ্ৰমণ আৰম্ভ কৰে।
 
আজি তেওঁ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(আই আই টি)ৰ পৰা ভাৰ্চুৱেলী বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ো উদ্বোধন কৰে। তেওঁ ডিব্ৰুগড়ৰ লগতে মধ্যপ্ৰদেশৰ জবলপুৰত ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠানৰ জ’নেল প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে।
ৰাষ্ট্ৰপতি মুৰ্মুৱে সন্ধিয়া অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত তেওঁৰ সন্মানাৰ্থে আয়োজন কৰা নাগৰিক অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। 
 
ইফালে, শুকুৰবাৰে তেওঁ ভাৰ্চুৱেল মোডৰ জৰিয়তে কেইবাটাও প্ৰকল্প আৰম্ভ কৰিবলৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ শিলচৰৰ মইনাৰবণ্ডত ভাৰতীয় তেল নিগমৰ ৰে’লযোগে যোগান ধৰা পেট্ৰলিয়াম সংৰক্ষণ ডিপো উদ্বোধন কৰাৰ উপৰিও আধুনিক সুবিধাযুক্ত মডেল অংগনবাড়ী কেন্দ্ৰ আৰু মিছন সৌভাগ্য মুকলি কৰিব। ৰাষ্ট্ৰপতি মুৰ্মুৱে অসমৰ চাহ বাগিচা অঞ্চলৰ ১০০ খন আৰ্হি মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব। গুৱাহাটীৰ আঘটৰীত টু হাইৱে প্ৰজেক্ট আৰু এটা আধুনিক কাৰ্গো-কম-কোচিং টাৰ্মিনেলৰো শুভাৰম্ভ কৰিব। গুৱাহাটীৰ পৰা লামডিং, নাগালেণ্ডৰ শোখুৱী আৰু মেঘালয়ৰ মন্দিপথাৰলৈকে এখন ৰে’ল ৰাষ্ট্ৰপতিয়ে ফ্লেগ অফ কৰিব বুলিও চৰকাৰী সূত্ৰই জানিবলৈ দিছে।