দীপাৱলীত ফুটাব নোৱাৰিব ফটকা

Story by  atv | Posted by  Munni Begum • 1 Years ago
দীপাৱলীত ফুটাব নোৱাৰিব ফটকা
দীপাৱলীত ফুটাব নোৱাৰিব ফটকা
গুৱাহাটী
 
এইবাৰৰ পোহৰৰ উৎসৱ  দীপাৱলীত বায়ু আৰু শব্দ প্ৰদূষণৰ মাত্ৰা যথাসম্ভৱ হ্ৰাস কৰিবলৈ কঠোৰ হৈছে অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ। দীপাৱলীৰ নিশা ১০ বজাৰ পাচত ফটকা ফুটোৱাত সম্পূর্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনাৰ ভিত্তিত পৰিষদে এক জাননী জাৰি কৰি এই বিষয়ে স্পষ্ট কৰিছে। 
 
অর্থাৎ দীপাৱলী উপলক্ষে অহা ২৪ আৰু ২৫ অক্টোবৰৰ দুয়োটা দিনত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাজ্যবাসীয়ে কোনোধৰণৰ ফটকা ফুটাব নোৱাৰিব। ইফালে দুয়োটা দিনৰ নিশা ১০ বজালৈ কেৱল পৰিবেশ অনুকূল ফটকা ফুটোৱাতহে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে অনুমতি প্ৰদান কৰিছে। এই সন্দৰ্ভত অধিক কঠোৰ হ'বলৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰতিখন জিলাৰ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। 
 
তদুপৰি দীপাৱলীৰ প্ৰাকমুহূৰ্তত ৰাজ্যত যাতে কোনো ব্যৱসায়ীয়ে উচ্চ প্রাবল্যৰ ফটকা বিক্ৰী কৰিব নোৱাৰে, সেই সন্দৰ্ভত বিশেষভাৱে লক্ষ্য ৰাখিবলৈ আহ্বান জনাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্রতিখন জিলাৰ উপায়ুক্তলৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। ফটকা বিক্ৰীৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ উপায়ুক্তসকলক নিৰীক্ষণকাৰী দল গঠন কৰিবলৈও প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে নিৰ্দেশ দিছে। দীপাৱলীৰ সাত দিন পূৰ্বৰ পৰা অৰ্থাৎ মংগলবাৰৰ পৰাই প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে গুৱাহাটীৰ লগতে ডিব্ৰুগড়, নগাঁও, শিৱসাগৰ, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱত বায়ু আৰু শব্দৰ মান পর্যবেক্ষণ কৰি থাকিব।