গুৱাহাটী
অসমৰ বন বিভাগৰ উদ্যোগত ৰূপায়ণ কৰা নল-গাহৰি সংৰক্ষণ কাৰ্যসূচী (পি এইচ চি পি)ৰ অধীনত আৱদ্ধ প্ৰজনন পদ্ধতিৰে জন্ম দিয়া ৯ জনী মাইকী আৰু ৬ টা মতা নল-গাহৰী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুৰিবিল তৃণভূমিত দেওবাৰে মুকলি কৰি দিয়া হয়।
ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) তথা মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন ড: বিনয় গুপ্তাৰ উপস্থিতিত এই নল-গাহৰিবোৰ বনভূমিত মুকলি কৰি দিয়া হয়।
আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ চমুকৈ আই ইউ চি এনৰ ৰেড লিষ্টত বিপন্ন প্ৰজাতি হিচাপে অন্তৰ্ভুক্ত নল-গাহৰি হৈছে বিশ্বৰ ক্ষুদ্ৰতম আৰু বিৰলতম বনৰীয়া গাহৰি। বর্তমান এই প্ৰজাতি বিলুপ্তিৰ পথত।
নল-গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ অধীনত অহা পাঁচ বছৰত ৮০ নলগাহৰি বনাঞ্চলত মোকলাই দিয়াৰ পৰিকল্পনাৰ লগতে ২০৪০ চনৰ ভিতৰত নল গাহৰিৰ সংখ্যা তিনিশলৈ বৃদ্ধি কৰাৰ এক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰধান মুখ্য বন সংৰক্ষক ড: বিনয় গুপ্তাই মানাহ ৰাষ্ট্ৰীয় উদ্যানত নল-গাহৰি মোকলাই দিয়া কাৰ্যক বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা বুলি অভিহিত কৰে।
তেওঁ কয়, "এই পদক্ষেপ তৃণভূমিৰ পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ আৰু বিপন্ন প্ৰজাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। মই এই ভূখণ্ডত নল-গাহৰিৰ সংখ্যা সুস্থিৰ আৰু বৃদ্ধি হোৱাটো বিচাৰোঁ যাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানে বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অঞ্চল হিচাপে পৰিচিতি লাভ কৰে।"
উল্লেখযোগ্য যে, ২০২০ চনৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত এয়া ষষ্ঠবাৰৰ বাবে নলগাহৰি মুকলি কৰা হৈছে আৰু এই অধীনত কাৰ্যসূচীৰ অধীনত বনভূমিত মোকলাই দিয়া নল-গাহৰিৰ সংখ্যা ৭৮ লৈ বৃদ্ধি হৈছে। দেওবাৰে মোকলাই দিয়া নল গাহৰিবোৰ কাৰ্য্যত: পুনৰ ঘৰলৈ ঘূৰি অহাৰ দৰে হৈছে, কাৰণ সংৰক্ষণ কাৰ্যসূচীৰ বাবে নল-গাহৰি প্ৰথমে মানাহৰ বাঁশবাৰী ৰেঞ্জৰ কুৰিবিল তৃণভূমিৰ পৰাই ধৰি নিয়া হৈছিল। বিগত ন বছৰে কুৰিবিলত কোনো নল-গাহৰিৰ উপস্থিতি ধৰা পৰা নাছিল।
বি টি চিৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন সুমন মহাপাত্ৰই কয়, "মানাহলৈ নল-গাহৰিৰ প্ৰত্যাৱৰ্তন আৱসভূমি পুনৰুদ্ধাৰ আৰু সহযোগিতামূলক সংৰক্ষণ প্ৰচেষ্টাৰ সফলতাৰ পৰিচায়ক। এয়া মানাহৰ তৃণভূমিবোৰৰ উন্নত অৱস্থাৰ প্ৰতিফলন আৰু এই সফলতাই ভৱিষ্যত প্ৰজন্মৰ বাবে এই একক প্ৰজাতি আৰু ইয়াৰ পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ প্রতি আমাৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰিছে।"
মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড: ৰমেশে উল্লেখ কৰে যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা বৃহৎ আকাৰৰ আৰু পাৰিপাৰ্শ্বিকভাৱে অতিশয় গুৰুত্বপূৰ্ণ তৃণভূমিবোৰে জৈৱ বৈচিত্ৰ্যক বজাই ৰখাই নহয়, এইবোৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ চৌপাশে বসবাস কৰা কৃষকসকলৰ পানীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাৰ বাবে প্ৰাকৃতিক জলাশয় হিচাপেও কাম কৰে। এই তৃণভূমিবোৰ নল-গাহৰিকে ধৰি বিভিন্ন গুৰুত্বপৰ্ণ প্ৰজাতিৰ বন্যপ্ৰাণীৰ অপৰিহাৰ্য আৱাসভূমি।
নলগাহৰি সংৰক্ষণ কাৰ্যসূচী: নল-গাহৰি সংৰক্ষণ কাৰ্যসূচী হৈছে অসমৰ বন বিভাগ, ডুৰেল ৱাইল্ড লাইফ কনজাৰভেচন ট্ৰাষ্ট, আই ইউ চি এন এছ এছ চি ৱাইল্ড পিগ স্পেচিয়েলিষ্ট গ্ৰুপ আৰু ইকোচিষ্টেমছ ইণ্ডিয়াৰ এক যৌথ পদক্ষেপ আৰু অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থা আৰণ্যক এই কাৰ্যসূচীৰ ৰূপায়ণ সহযোগী।
এই কাৰ্যসূচীৰ অধীনত ১৯৭০ চনতে বিপন্ন বুলি চিনাক্ত কৰা নল-গাহৰিৰ প্ৰজাতিৰ পুনৰুদ্ধাৰৰ অভিযান অব্যাহত আছে। নল-গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ অধীনত অসমত এই পৰ্যন্ত আৱদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ১৯৪ নলগাহৰিক বনাঞ্চলত মোকলাই দিয়া হৈছে আৰু এই কাৰ্যসূচীৰ আৰম্ভণিৰ পৰা মোকলাই দিয়া নলগাহৰিৰ সংখ্যাই অতি সোনকালেই বৰ্তমান বিশ্বৰ মুঠ নলগাহৰিৰ সংখ্যাক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
নল-গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ সঞ্চালক ড: পৰাগজ্যোতি ডেকাই জনোৱা মতে, নলগাহৰি সংৰক্ষণ কাৰ্যসূচী ১৯৯৬ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰী ৰেঞ্জৰ পৰা ধৰি নিয়া দুটা মতা আৰু চাৰিজনী মাইকী নলগাহৰিক লৈ আৰম্ভ কৰা হৈছিল। আৱদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া নলগাহৰি বনাঞ্চলত এৰি দিয়াৰ প্রক্ৰিয়া ২০০৮ চনত আৰম্ভ কৰা হৈছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বে এই কাৰ্যসূচীৰ অধীনত অসমৰ আন কেতবোৰ উপযুক্ত তৃণভূমিকত নালগাহৰি মোকলাই দিয়া হৈছিল।
নলগাহৰি সংৰক্ষণ কাৰ্যসূচীৰ ক্ষেত্ৰ বিজ্ঞানী ড: ধৃতিমান দাসে কয় যে আৱদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ৫৯ নলগাহৰি মোকলাই দি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নলগাহৰিৰ সংখ্যা সুস্থিৰ কৰা হৈছে আৰু বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত থকা নল গাহৰিৰ সংখ্যা প্ৰায় ২৫০ হৈছেগৈ। বিপন্ন বন্যপ্ৰাণীৰ প্ৰজাতিটো সংৰক্ষণৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য সফলতা।
আৰণ্যকৰ উপ-কাৰ্যবাহী সঞ্চালক ড: বিভূতি প্ৰসাদ লহকৰে কয় যে, নল-গাহৰিৰ লগতে তৃণভূমিৰ ওপৰত নিৰ্ভৰশীল অন্যান্য বন্যপ্ৰাণী প্ৰজাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তৃণভূমিৰ পুনৰুদ্ধাৰত মনোনিৱেশ কৰা নল-গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ সৈতে অংশীদাৰ হিচাপে পালন কৰি অহা ভূমিকা সংস্থাটোৱে ভৱিষ্যতেও অব্যাহত ৰাখিব।