অসমৰ মুছলমান সমাজত মাঘ বিহু

Story by  atv | Posted by  Munni Begum • 1 Years ago
ভোগালী বিহুৰ সুস্বাদু খাদ্য,
ভোগালী বিহুৰ সুস্বাদু খাদ্য,
  ইছমাইল হোছেইন
 
অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হ'ল মুছলমানসকল। গৰীয়া, মৰীয়া, দেশী, ছৈয়দ,পাঠান, জোলা, ভাটীয়া, মাইমল, নউলা ইত্যাদি গোটত বিভক্ত মুছলমানসকলে অসমৰ বহাগ, কাতি আৰু মাঘ বিহুক জাতীয় উৎসৱৰ মৰ্যদা দি নিজস্ব নীতি-নিয়ম আৰু পৰম্পৰাৰ মাজেৰে অংশগ্ৰহণ কৰি আহিছে। অসমৰ সনাতন ধৰ্মীসকলৰ মাজৰ শাক্তপন্থাৰ লোকে যিদৰে ভোগালী বিহুক অগ্নিপূজাৰ অন্যতম অংশ হিচাপে পালন কৰি আছে, তাৰ সৈতে বৈষ্ণৱ পন্থী বা শংকৰী ধৰ্ম-সংস্কৃতিক মানি চলা লোকে ভিন্ন পন্থাৰে মাঘ বিহু পালন কৰি আহিছে।
 
অসমৰ মুছলমানসকলে মাঘ বিহুক মূলতঃ পিঠা-পনা তৈয়াৰ কৰি আত্মীয় স্বজন আৰু বন্ধু-বান্ধৱক আপ্যায়ন কৰা, দোমাহিত ভোজ ভাত খোৱা, খেল-ধেমালিৰ আয়োজন কৰি সামাজিক মিলনৰ পৰিৱেশ ৰচনা কৰা, চৰাই-চিৰিকতি, ম'হ-গৰু আদিৰ যুঁজৰ আয়োজন কৰি শক্তি প্ৰদৰ্শনত গুৰুত্ব দিয়া, মল্লযুঁজৰ আয়োজন কৰি বীৰত্ব প্ৰদৰ্শন কৰা, পিঠা-পনাৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা, কাঠ-বাহ আদিৰে ক'ৰবাত মেজি আৰু আন ক'ৰবাত খৰিৰ ঢাপ সাজি জুই জ্বলাই কাঠ আলু, মিঠা আলু আদি পুৰি খোৱা, চিৰা-পিঠা আদিৰে জলপান খোৱা, পুখুৰী-বিল আদিত সমজুৱাভাৱে মাছ ধৰি সম-বণ্টন কৰি গাইগুটিয়াকৈ ভোজভাত খোৱা ইত্যাদি ধৰণৰ পৰ্ব আৰু পৰম্পৰাৰ মাজেৰে মাঘ বিহুক ভোগালীৰ উৎসৱত পৰিণত কৰে। 
 
পিঠা-পনা বনাবলৈ মহিলাসকলে পিঠাগুৰি প্ৰস্তুত কৰিছে
 
অসমৰ মুছলমানসকলে মাঘ বিহুক মূলতঃ বতৰ সলনিৰ উৎসৱ বুলি পালন কৰে। পুহ মাহৰ সামৰণি আৰু মাঘ মাহৰ আৰম্ভণিৰ সংক্ৰান্তিৰ পৰাই ক্ৰমান্বয়ে যে শীতৰ প্ৰকোপ কমিবলৈ ধৰে, সেই কথাত গুৰুত্ব দি মুছলমান সমাজে চুবুৰীয়ে চুবুৰীয়ে মিলিত হৈ জুই পুৱায়, পিঠা-আলু আদি ভোজন কৰে। তাকে কৰিবলৈ যাওতে নিজস্ব সমাজ ব্যৱস্থাৰ মাজত থাকি বা ওচৰ-পাজৰৰ সনাতন ধৰ্মীসকলৰ সৈতে মিলিত হৈ ৰাজহুৱা সভাৰ আয়োজন কৰি প্ৰীতিভোজ পাতে। তেনে আয়োজনৰ মূল উদ্দেশ্যই হ'ল সমাজৰ সদ্ভাৱনা আৰু সমন্বয়ৰ পৰিৱেশ ৰচনা কৰা। 
অসমৰ মুছলমান সমাজে বিহুক কেনেধৰণৰ আন্তঃৰিকতাৰে নিজৰ উৎসৱ বুলি গ্ৰহণ কৰিছে, তাৰে প্ৰমাণ হৈছে উনৈশ শতিকাৰ অন্তিম ভাগত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বালিচৰত সাতদিনীয়াকৈ আয়োজন কৰা বিহু উৎসৱ। উৎসৱটি ৰাজহুৱাভাৱে আয়োজন কৰিছিল মাছখোৱাৰ গম্বুজৱালা মছজিদৰ প্ৰতিষ্ঠাতা, ব্ৰিটিছ চৰকাৰৰ খান বাহাদুৰ সন্মানপ্ৰাপ্ত সদৰামীন তথা 'অৰুণোদয়' যুগৰ লেখক মুন্সী কেফায়ৎ উল্লাই। 
উদ্যোক্তাগৰাকীৰ মূল উদ্দেশ্য আৰু লক্ষ্য আছিল জাতীয় উৎসৱটোৰ মাজেৰে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জনজাতি-অজনজাতি সম্বলিতে সকলো ধৰ্ম-বৰ্ণৰ লোকক একত্ৰিত কৰাটো। উল্লেখ্য যে, মুন্সি কেফায়ৎ উল্লাহে অকলে খৰচ বহন কৰা বিহু উৎসৱটোত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কেইবা সহস্ৰাধিক লোক গোট খাই একেলগে বিহুৰ জলপান গ্ৰহণ কৰিছিল। বিহু উৎসৱটো ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত অনুষ্ঠিত হোৱালৈ চাই ক'ব পাৰি যে সেয়া বহাগ বা কাতি মাহৰ উৎসৱ নাছিল; আছিল মাঘ বিহুৰ উৎসৱ।  (উৎসঃ অসমীয়া জীৱনী অভিধান। শিৱনাথ বৰ্মন। ১৯৯০। পৃষ্ঠা ২২৯)
 
মাঘ বিহুত ৰাইজে মনোৰঞ্জনৰ বাবে অনুষ্ঠিত কৰা বুলবুলি চৰাইৰ যুঁজ (যি বৰ্তমান নিষিদ্ধ)
 
মাঘ বিহুৰ ঐতিহ্যক জীয়াই ৰখাৰ বাবে হাজো অঞ্চলত যি সামাজিক উৎসৱৰ আয়োজন কৰা হয়, তাত মুছলমানসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। মাঘ বিহুৰ সময়ত হাজোত যি বুলবুলি চৰাইৰ যুঁজ আয়োজন কৰা হয়, তাত স্থানীয় মুছলমান সমাজৰ অংশগ্ৰহণ সক্ৰিয়। আনিক মাঘ বিহুৰ সময়ত হাজোত আয়োজন কৰা সম্প্ৰীতিৰ সমদলত একেদলে অংশগ্ৰহণ কৰে হাজোৰ পোৱামক্কাৰ মছজিদৰ ইমাম(খাদিম) আৰু হয়গ্ৰীব মাধৱ মন্দিৰৰ দলৈয়ে। হাজোৰ এনে নিদৰ্শনে যুগ যুগ ধৰি হিন্দু মুছলমান সমন্বয়ৰ ঐতিহ্যক চহকী কৰি আহিছে। 
অসমৰ বাহিৰতো আয়োজন কৰা মাঘ বিহুৰ অনুষ্ঠানে মুছলমান সমাজৰ কিছুসংখ্যক ব্যক্তিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ নিদৰ্শন আছে। উদাহৰণস্বৰূপে ক'ব পাৰি যে ১৯২১ খ্ৰীষ্টাব্দৰ ১৩ জানুৱাৰীত কলকাতাৰ শিৱপুৰ বটানিকেল গাৰ্ডেনত অসমীয়া সমাজে উলহ-মালহেৰে মাঘ বিহুৰ আয়োজন কৰিছিল। সেই উৎসৱ আয়োজনত যিসকলে মুখ্য ভূমিকা পালন কৰিছিল, তেওঁলোকৰ মাজৰ অন্যতম আছিল খেলিলুৰ জামান। 
অন্যান্যসকলৰ মাজত আছিল উমাকান্ত গোস্বামী(গুৱাহাটী), প্ৰমদাভিৰাম দাস(গোলাঘাট), প্ৰফুল্ল চন্দ্ৰ বৰুৱা, ফটিক শৰ্মা (তেজপুৰ), শম্ভুৰাম বৰুৱা (উত্তৰ লখিমপুৰ), নীৰজেন্দ্ৰ ভট্টাচাৰ্য (যোৰহাট), বাবুলা ফুকন (যোৰহাট), কামেশ্বৰ দাস(বৰপেটা), বেণুধৰ শৰ্মা(শিৱসাগৰ), ধৰ্মেশ্বৰ বৰুৱা (ডিব্ৰুগড়), বংশীধৰ বৰুৱা (যোৰহাট), দেৱেন বৰদলৈ (নগাঁও), কিৰণ সিং(ডিব্ৰুগড়), উমা প্ৰসাদ বৰুৱা (যোৰহাট), হেমেন বৰুৱা (যোৰহাট), গিৰীন্দ্ৰ নাথ বৰুৱা (গোলাঘাট), শৰৎ কুমাৰ শৰ্মা(যোৰহাট), ভগৱতী প্ৰসাদ বৰুৱা (শিৱসাগৰ), দিবাকৰ গোস্বামী (গোলাঘাট), ৰমেশ সৰস্বতী(গুৱাহাটী), দেৱ কুমাৰ বৰুৱা (ডিব্ৰুগড়), কনক কোঁৱৰ (শিৱসাগৰ), থানেশ্বৰ শৰ্মা (তেজপুৰ), নিলেশ্বৰ শৰ্মা (যোৰহাট), শিৱ শৰ্মা(যোৰহাট), যোগসিং চেত্ৰী (নগাঁও), শৰত চন্দ্ৰ বৰুৱা (যোৰহাট), উমা গোস্বামী (গুৱাহাটী), সৰ্বানন্দ দাস (গোৱালপাৰা), দম্বৰুধৰ ভূঞা (ধেমাজি), দীননাথ শৰ্মা (নগাঁও), ডাঃ ভূৱনেশ্বৰ বৰুৱা (গুৱাহাটী), শ্ৰীনাথ চক্ৰৱৰ্তী, কেপ্তেইন সুৰেন্দ্ৰনাথ দত্ত, ডাঃ জীৱকান্ত শইকীয়া, কিৰণ চন্দ্ৰ গোস্বামী, কুমুদেশ্বৰ গগৈ, মূৰলীধৰ বৰুৱা আৰু ড০ সুৰেন বৰা আদি। 
 
মাঘ বিহুত অনুষ্ঠিত কৰা পৰম্পৰাগত মহৰ যুঁজৰ এক দৃশ্য (যি বৰ্তমান নিষিদ্ধ কৰা হৈছে)
 
সূদুৰ কলকাতাত মাঘবিহুৰ এনে উদাহৰণে অসমৰ হিন্দু-মুছলমানৰ সমন্বয়ৰ সোণসেৰীয়া গৌৰৱগাথাৰ কথা সোঁৱৰাই দিয়ে। অসমৰ গাঁৱে-ভূঞে অনুষ্ঠিত হোৱা মাঘ বিহুৰ সামাজিক উৎসৱটো হিন্দু-মুছলমান একাকাৰ হৈ আনন্দৰে মিলিত হয়। ৰমেশ শৰ্মাৰ ঘৰৰ লাৰু-পিঠা, মুবাৰক আলীৰ ঘৰৰ তেল পিঠা, তুলিকা গগৈৰ হাতৰ ঘিলা পিঠা, পুতুল কুমাৰী দাসৰ ঘৰৰ চুঙা পিঠা,  হামিদা বেগমৰ ঘৰৰ তিলপিঠা, মকছিদা বেগমৰ ঘৰৰ পুৰা কাঠআলু, লক্ষ্ণীমাই দাসৰ ঘৰৰ চিৰা-দৈ-গুৰ আদি একাকাৰ কৰি মেজিৰ জুইত গা সেকি ভোগালীৰ খাদ্য খোৱা দৃশ্য সঁচাকৈয়ে অনুপম। 
 
(লেখক এজন জেষ্ঠ প্ৰবক্তা, প্ৰিন্স অৱ ৱেলচ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং অৱ টেকন'ল'জী, যোৰহাট)