কিংবদন্তী পক্ষীবিজ্ঞানী ছেলিম আলী; শৈশৱত এয়াৰগানেৰে সৰু চৰাইক গুলীয়াই ভাল পোৱা ব্যক্তিজন

Story by  atv | Posted by  Munni Begum • 1 Years ago
পক্ষীবিজ্ঞানী ছেলিম আলী
পক্ষীবিজ্ঞানী ছেলিম আলী
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
শৈশৱত এয়াৰগানেৰে সৰু চৰাইক গুলীয়াই ভাল পোৱা ল’ৰাজন ডাঙৰ হৈ ভাৰতৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ চৰাইপ্ৰেমী হৈ পৰিল। কিছু বছৰ আগত এই মন্তব্য আগবঢ়াইছিল তাৰা গান্ধী নামৰ এগৰাকী মহিলাই। মহিলাগৰাকীয়ে উল্লেখ কৰা এই চৰাইপ্ৰেমীজন আছিল কিংবদন্তি পক্ষীবিজ্ঞানী, সংৰক্ষণবিদ আৰু মনোমোহা গল্পকাৰ ছেলিম আলী। 
 
উল্লেখ্য যে, তাৰা গান্ধী আছিল ছেলিম আলীৰ এগৰাকী ছাত্ৰী। কলকাতাৰ বেংগল ক্লাব লাইব্ৰেৰীৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানৰ নাম আছিল Words For Birds। এই নামটো লোৱা হৈছিল বক্তা তাৰা গান্ধীয়ে ৰচনা কৰা এখন গ্ৰন্থৰ শিৰোনামৰ পৰা। 
ছেলিম আলীয়ে ১৯৪১ চনৰ পৰা ১৯৮৫ চনৰ ভিতৰত অল ইণ্ডিয়া ৰেডিঅ’ (AIR)ত চৰাই চোৱাচিতা আৰু প্ৰকৃতি সংৰক্ষণৰ ওপৰত ধাৰাবাহিক আলোচনা আগবঢ়াইছিল। 
 
গোৱাস্থিত ছেলিম আলী বাৰ্ড চেঞ্চুৰীৰ এক মনোমহা দৃশ্য
 
ছেলিম আলীৰ তত্ত্বাৱধানত Field Ornithology বিষয়ত এম এছ চি ডিগ্ৰী লাভ কৰা তাৰা গান্ধীয়ে অল ইণ্ডিয়া ৰেডিঅ'ৰ বক্তৃতাসমূহ অনুসৰণ কৰি বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি (বি এন এইচ এছ)ত আৰ্কাইভ কৰি কিতাপখনত সংকলন কৰিছিল।
 
“ছেলিম আলীয়ে বিচাৰিছিল যে পক্ষীবিজ্ঞান কেৱল বিজ্ঞানৰ কিতাপৰ মাজত সীমাৱদ্ধ হৈ থাকিলে নহ'ব। তেওঁ কৈছিল যে মানুহে চৰাইৰ মূল্য সঁচা অৰ্থত বুজি পোৱা উচিত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা এজন বিজ্ঞানীৰ ক্ষেত্ৰত ই এক বিৰল গুণ। আলোচনাত তেওঁ নিজৰ যাত্ৰা আৰু দুঃসাহসিক অভিযান আৰু স্থানীয় লোকৰ সৈতে হোৱা আদান-প্ৰদানৰ সজীৱ আৰু হাস্যৰসময়ী বিৱৰণ দিয়ে।’-গান্ধীয়ে কয়।
 
ছেলিম আলী ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য
 
মুম্বাই (তেতিয়াৰ বম্বে)ৰ এটা ধনী পৰিয়ালত জন্মগ্ৰহণ কৰা আলী জীৱনৰ অতি প্ৰাৰম্ভিক অৱস্থাতে অনাথ হৈ পৰিছিল। এজন ককাকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। ল’ৰা অৱস্থাত তেওঁ এজন ডাঙৰ চিকাৰী হোৱাৰ সপোন দেখিছিল। এয়াৰগানেৰে আলীয়ে সৰু সৰু চৰাইবোৰক গুলীয়াই ঘৰলৈ লৈ গৈছিল বুলিও তেওঁ কয়। 
 
“এনেকৈ এটা সময়ত ছেলিম আলী চিকাৰত বিখ্যাত হৈ পৰিল। কিন্তু তেওঁ মাৰি পেলোৱা এটা চৰাইৰ ডিঙিত অলপ হালধীয়া ৰঙৰ দাগ আছিল। তেওঁৰ মনত কৌতুহল জাগিছিল। তেতিয়া তেওঁ বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সদস্য ককাকক এই বিষয়ে সুধিছিল। ককাকে তেওঁক চৰাইটোক বিএনএইচএছলৈ লৈ যোৱাৰ পৰামৰ্শ দিছিল। বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ চেক্ৰেটাৰীয়ে চৰাইটোক দেখি হালধীয়া ডিঙিৰ চৰাই বুলি চিনাক্ত কৰিলে। এইদৰেই আৰম্ভ হৈছিল এজন চিকাৰীৰ যাত্ৰা," গান্ধীয়ে কয়। 
 
ব্ৰিটিছে ভাৰত এৰি যোৱাৰ পিছত আলীক বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ দায়িত্ব দিয়া হয়। এই প্ৰতিষ্ঠানটোক তেওঁ পৰৱৰ্তী সময়ত অপেছাদাৰী ব্ৰিটিছ প্ৰকৃতিপ্ৰেমী আৰু চিকাৰীৰ স্প’ৰ্টী ক্লাবৰ পৰা বৈজ্ঞানিক গৱেষণাৰ এক আগশাৰীৰ ভাৰতীয় প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰে।
 
দীপৰ বিলত এজাক পক্ষী
 
গান্ধীয়ে ভাষণত কৈছিল যে ছেলিম আলীয়ে পশ্চিমে কুচ্চ ৰানৰ পৰা পূব প্ৰান্তৰ চিল্কা হ্ৰদলৈকে আৰু দক্ষিণৰ পশ্চিম ঘাটৰ পৰা উত্তৰৰ হিমালয়লৈকে বিচৰণ কৰি ফুৰিছিল। ইংলেণ্ডত ডাঙৰ-দীঘল হোৱা আধুনিক মনৰ মহিলা তেহিমনাৰ সৈতে পক্ষীবিদ আলীয়ে কম বয়সতে বিবাহপাঁশত আৱদ্ধ হৈছিল। পক্ষীবিদৰ জীৱনশৈলীৰ সৈতে তেওঁৰ পত্নী তেহিমনাই কিদৰে নিজকে খাপ খোৱাব, তাক লৈ আলী চিন্তিত আছিল। এই ক্ষেত্ৰত গান্ধীয়ে কয়, “কিন্তু তেহিমনা আছিল এগৰাকী অভূতপূৰ্ব সংগী আৰু ছেলিম আলীৰ জীৱনশৈলীৰ লগত নিজকে সম্পূৰ্ণৰূপে খাপ খোৱাই ল'ব পাৰিছিল।"
 
“তেওঁলোকে যাযাবৰৰ দৰে বাস কৰিছিল, তম্বু টানি শিবিৰ পাতি আছিল। তম্বুৰ শিবিৰকে তেওঁ ফুলেৰে সজাইছিল," বেংগল ক্লাবৰ অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়োৱা নিউৰ’চাৰ্জন সন্দীপ চেটাৰ্জীয়ে কয়। উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ হাবি-জংগল, নদ-নদীৰ মাজত বিচৰণ কৰি ফুৰা ছেলিম আলী আছিল প্ৰচাৰ মাধ্যমৰ বহু দূৰত আৰু আন কথাত ক'বলৈ গ'লে তেওঁ এজন প্ৰকৃতি প্ৰেমৰ নীৰৱ সাধক। আলীয়ে মৃত্যুৰ পূৰ্বে ভাৰতৰ চৰাইৰ অধ্যয়নৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ ভিতৰত অন্যতম আছিলঃ The Handbook of the Birds of India and Pakistan, Indian Hill Birds and Birds of the Eastern Himalayas, The Birds of Kerala। ইয়াৰ লগতে তেওঁ জাৰ্নেল অৱ দ্য বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ দৰে আলোচনীত অসংখ্য প্ৰবন্ধও লিখিছিল।
 
আগৰতলাৰ এটা জলাশয়ত এজাক পক্ষী
 
পক্ষীবিজ্ঞানক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাটো আলীৰ দিনত কল্পনাৰ অতীত আছিল। এই কথা তেৱোঁ ভালকৈ উপলব্ধ কৰিছিল যে পক্ষীবিজ্ঞানক আনুষ্ঠানিক বিষয় হিচাপে স্কুল বা কলেজত অধ্যয়ন কৰাটো সম্ভৱ নাছিল। পিছলৈ গৈ তেওঁ জাৰ্মানীৰ আৰউইন ষ্ট্ৰেছমেনৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আলীয়ে তেওঁৰ অধীনত বাৰ্লিন প্ৰাণীবিজ্ঞান সংগ্ৰহালয়ত কাম কৰিছিল আৰু তেওঁ ষ্ট্ৰেছমেনক নিজৰ গুৰু বুলি উল্লেখ কৰিছিল। 
 
ছেলিম আলীয়ে কেৱল চৰাইৰ অধ্যয়নতে নহয় সংৰক্ষণৰ ক্ষেত্ৰতো পথ প্ৰদৰ্শন কৰিছিল। তেওঁ পৰৱৰ্তী জীৱনত বহুতো সন্মান লাভ কৰিছিল, আৰু কেইবাটাও অনুষ্ঠান আৰু অভয়াৰণ্য তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল। তেওঁ ভৰতপুৰ পক্ষী অভয়াৰণ্য আৰু ৰঙ্গনাথিট্টু পক্ষী অভয়াৰণ্য গঠন কৰাত আৰু নীৰৱ উপত্যকা ৰাষ্ট্ৰীয় উদ্যান ৰক্ষা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। 
 
উল্লেখ্য যে, Bird Man Of India নামেৰে পৰিচিত ছেলিম আলীয়ে ১৯৮৭ চনৰ ২০ জুনত মুম্বাইত মৃত্যুবৰণ কৰিছিল। তেওঁ আছিল সমগ্ৰ ভাৰতবৰ্ষত পদ্ধতিগত পক্ষী জৰীপ কৰা প্ৰথমজন ভাৰতীয়। কেইবাখনো চৰাইৰ গ্ৰন্থ লিখি তেওঁ ভাৰতত পক্ষী বিজ্ঞানক জনপ্ৰিয় কৰি তুলিছিল। 
 
(World Migratory Bird Day উপলক্ষে এই লেখা প্ৰকাশ কৰা হ'ল)