ডাঃ বাবু খানঃ ২৩ বছৰ ধৰি শিৱ ভক্তৰ সেৱাত ব্যস্ত এজন মুছলমান ব্যক্তি

Story by  atv | Posted by  [email protected] • 1 d ago
শিৱ ভক্তৰ সেৱাত ব্যস্ত ডাঃ বাবু খান
শিৱ ভক্তৰ সেৱাত ব্যস্ত ডাঃ বাবু খান
 
আৱাজ দ্য ভইচ/ নতুন দিল্লী

শাঁওন মাহ আহি পোৱাৰ লগে লগে পশ্চিম উত্তৰ প্ৰদেশৰ বাট-পথত ধৰ্মীয় বিশ্বাসৰ এক আচৰিত সংগম দেখা যায়। এই মাহত পালন কৰা কনৱাৰ যাত্ৰাৰ সময়ত হাজাৰ হাজাৰ শিৱভক্তই গংগাজল সংগ্ৰহৰ বাবে হৰিদ্বাৰ আৰু গংগা ঘাট অভিমুখে ৰাওনা হয়। এই পথছোৱাত সকলোতে কেশৰ ৰং দেখা যায়, ডিজেত বাজি উঠে ধৰ্মীয় ভজন আৰু ‘বল বম’ৰ অনুৰণিত ধ্বনিয়ে পৰিৱেশটোক আধ্যাত্মিক কৰি তোলে।
 
এই জনসমাগমৰ মাজত এনে এখন মুখ আছে যিয়ে যোৱা ২৩ বছৰে কনৱাৰীয়াসকলক ক্লান্তিৰ পৰা উপশম দিয়াই নহয়, হিন্দু-মুছলমান ঐক্যৰ নিদৰ্শনো দাঙি ধৰিছে। এই ব্যক্তিজন হৈছে ডাঃ বাবু খান ওৰফে বাবু মালিক। তেওঁ বাঘপাট জিলাৰ এজন মুছলমান ডাক্তৰ আৰু প্ৰতি বছৰে শাঁওন মাহত নিজৰ ক্লিনিকৰ দুৱাৰ বন্ধ কৰি কনৱাৰীয়াসকলক সেৱা আগবঢ়ায়।
 
ডাঃ বাবু খানে কয়, “যেতিয়া এই কনৱাৰীয়াসকলে গংগাজল আনি ভগৱান শিৱৰ অভিষেক কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা দেখো, তেতিয়া মোৰ মনত সেৱাৰ অনুভূতি জাগ্ৰত হৈ উঠে। মানৱতা হৈছে আটাইতকৈ ডাঙৰ ধৰ্ম, আৰু এই সেৱা মোৰ বাবে পূজাতকৈ কম নহয়।”
 
এই কাৰণেই প্ৰতি বছৰে কনৱাৰ যাত্ৰাৰ সময়ত তেওঁ চিকিৎসা দলৰ সৈতে বাঘপাট আৰু কাষৰীয়া অঞ্চলত কনৱাৰ পথত বিনামূলীয়া চিকিৎসা শিবিৰ স্থাপন কৰে।
 
কনৱাৰ যাত্ৰাত ভাগৰুৱা হৈ পৰা এজন শিৱ ভক্তৰ কাষত ডাঃ বাবু খান
 
উল্লেখ্য যে, প্ৰায় ৫০ বছৰীয়া ডাঃ বাবু খানৰ এই যাত্ৰা আৰম্ভ হৈছিল ২৩ বছৰ আগতে। তেওঁ প্ৰথমবাৰৰ বাবে কনৱাৰীয়াসকলৰ মাজত প্ৰাথমিক চিকিৎসাৰ বাবে এটা ষ্টল স্থাপন কৰিছিল। তেওঁৰ চিন্তা-চৰ্চা স্পষ্ট আছিল–কোনো ধৰ্মীয় বিশ্বাস নোহোৱাকৈ, ভগৱান শিৱৰ ভক্তি পথত অসুবিধাৰ সন্মুখীন হোৱা সেই ভাগৰুৱা তীৰ্থযাত্ৰীসকলক সহায় কৰা। 
 
আজি তেওঁৰ শিবিৰ কনৱাৰ যাত্ৰাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। তেওঁৰ শিবিৰত ড্ৰেছিং, বেণ্ডেজ, গ্লুক’জ, বিষনাশক বেজী, এন্টিবায়টিক আৰু প্ৰাথমিক চিকিৎসা আদি সুবিধা উপলব্ধ। তেওঁ নিজেই তীৰ্থযাত্ৰীসকলৰ আঘাতৰ যতন লয়। তেওঁলোকৰ ভৰিৰ ফোহাবোৰ পৰিষ্কাৰ কৰে। প্ৰয়োজন হ’লেই তেওঁলোকক জিৰণি ল’বলৈ ঠাইও যোগান ধৰে।
 
ডাঃ বাবু খানে কয়, “ভাগৰ বা বিষৰ বাবে কনৱাৰিয়াসকল যেতিয়া খোজ কাঢ়িব নোৱাৰা হয়, তেতিয়া মই তেওঁলোকৰ বিষ প্ৰশমন কৰাত সহায় কৰো। এজন ডাক্তৰ হিচাপে ৰোগীৰ বিষ মোৰ বাবে আটাইতকৈ ডাঙৰ ধৰ্ম। মোৰ সন্মুখত থকা মানুহজন কোন ধৰ্মৰ, মই সেয়া দেখা নাপাওঁ। মোৰ বাবে তেওঁ এজন মানুহ, আৰু তেওঁক সহায় কৰাটো মোৰ কৰ্তব্য।”
কনৱাৰিয়াসকলৰ মাজত তেওঁৰ জনপ্ৰিয়তা ইমানেই বেছি যে প্ৰতি বছৰে বহু তীৰ্থযাত্ৰীয়ে তেওঁক লগ কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ বিচাৰি আহে। কিছুমান তীৰ্থযাত্ৰীয়ে কয় যে ডাঃ বাবু খানৰ শিবিৰৰ পৰা ঔষধ খাই তেওঁলোকে সকাহ অনুভৱ কৰে, আৰু এই সেৱাই তেওঁলোকক গভীৰভাৱে স্পৰ্শ কৰে।
 
এই বাৰিষা কালত যেতিয়া ডাঃ খানে বগা টুপী আৰু দীঘল দাড়ি লৈ থিয় হৈ উচ্চস্বৰে ‘জয় ভোলেনাথ’ বুলি হৰ্ষধ্বনি দিয়ে, তেতিয়া সকলোৱে আচৰিত হয়। তেওঁৰ মতে "ঈশ্বৰৰ প্ৰতি ভক্তি আৰু মানৱতাৰ বাৰ্তা কোনো এটা ধৰ্মৰ নহয়। মই যেতিয়া 'হৰ হৰ মহাদেৱ' কওঁ, তেতিয়া মোৰ হৃদয়ৰ পৰাই প্ৰকৃত ভক্তি প্ৰকাশ পায়।"
 
বাবু খানে কেৱল কনৱাৰীয়াসকলক সহায় কৰাই নহয় কনৱাৰ সেৱা সমিতিৰ এজন সক্ৰিয় বিষয়াও। তেওঁ কয় যে কমিটীৰ সহযোগত প্ৰতি বছৰে হাজাৰ হাজাৰ কনৱাৰীয়াৰ বাবে বিনামূলীয়া চিকিৎসা, খোৱাপানী, শীতল পানীয় আৰু প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হয়।
 
তেওঁৰ দলটোৱে দিনে-নিশাই তীৰ্থযাত্ৰীসকলৰ সেৱাত নিয়োজিত হৈ আছে। ডাঃ বাবু খানক মৌলবাদীসকলে তেওঁৰ সেৱাৰ বিষয়ে কি ভাবে বুলি সোধাত তেওঁ হাঁহি এটা মাৰি কয়, “সমাজত সকলো ধৰণৰ মানুহ আছে। কিন্তু মোৰ বিশ্বাস যে ভাতৃত্ববোধৰ আদৰ্শ দাঙি ধৰাটোৱেই আটাইতকৈ ডাঙৰ উত্তৰ। যদি মোৰ সেৱাই কাৰোবাৰ জীৱন ৰক্ষা কৰে বা তেওঁক সকাহ দিয়ে, তেন্তে সেয়াই মোৰ আটাইতকৈ ডাঙৰ জয়।”
 
ডাঃ খানৰ এই সেৱা হিন্দু-মুছলমান সম্প্ৰীতিৰ এনে এক নিদৰ্শন হৈ পৰিছে যে কেৱল বাঘপটেই নহয়, সমগ্ৰ পশ্চিম উত্তৰ প্ৰদেশে ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰিছে। স্থানীয় প্ৰশাসনেও বহুবাৰ তেওঁৰ সেৱাৰ প্ৰশংসা কৰিছে। তেওঁ কয়, "ঘৃণাৰ বিৰুদ্ধে কোনেও জয়ী নহয়, মানৱতাইহে প্ৰকৃত ধৰ্ম। যদি আমি ইজনে-সিজনৰ দুখ বুজি পাওঁ, তেন্তে সমাজত শান্তি আৰু প্ৰেম স্বয়ংক্ৰিয়ভাৱে বিয়পি পৰিব।"