পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত বীৰত্ব প্ৰদৰ্শন কৰা ৫৬ গৰাকী ব্যক্তি লৈ জম্মু-কাশ্মীৰ চৰকাৰৰ বিশেষ সন্মান
জম্মু
আজি গণৰাজ্য দিৱস উদযাপনৰ বিশেষ মুহূৰ্তত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত বীৰত্ব প্ৰদৰ্শন কৰা ব্যক্তিৰ প্ৰতি বিশেষ সন্মান যাঁচে জম্মু-কাশ্মীৰ চৰকাৰে। ২০২৫ চনৰ এপ্ৰিল মাহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত পৰ্যটকক বচাবলৈ চেষ্টা কৰি প্ৰাণ হেৰুওৱা আদিল হুছেইন শ্বাহকে ধৰি ৫৬ গৰাকী লোকক গণৰাজ্য দিৱস উপলক্ষে জম্মু-কাশ্মীৰ চৰকাৰে বিশেষ বঁটা প্ৰদান কৰে।
সাধাৰণ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম ৰাজুৱে জাৰি কৰা আদেশত উল্লেখ কৰা অনুসৰি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট ব্যক্তিসকলক সন্মানিত কৰা হৈছে।
উল্লেখ্য যে, পেহেলগামৰ হাপাতনাৰ গাঁৱৰ বাসিন্দা শ্বাহে যোৱা ২২ এপ্ৰিলত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে সাহসেৰে যুঁজ দিছিল। সেই সময়ত ২৫ গৰাকী পৰ্যটকৰ লগতে তেওঁ নিহত হৈছিল। এই বীৰত্বৰ বাবে মৰণোত্তৰভাৱে শ্বাহক বঁটা প্ৰদান কৰা হৈছে। য'ত ১ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু প্ৰশস্তিপত্ৰ আছে। ইয়াৰ উপৰি গংগিয়াল থানাৰ আৰক্ষী উপ-পৰিদৰ্শক নিখিল কুমাৰকো এই শিতানত বঁটা প্ৰদান কৰা হয়। এই বঁটাত ৫১ হাজাৰ টকাৰ নগদ পুৰস্কাৰ আৰু প্ৰশস্তিপত্ৰ আছে।
গণৰাজ্য দিৱস উপলক্ষে ১২ গৰাকী সাংবাদিক তথা সংবাদকৰ্মীকো জম্মু-কাশ্মীৰ চৰকাৰে বঁটা প্ৰদান কৰে। তেওঁলোকৰ ভিতৰত আছে পি টি আইৰ শ্ৰীনগৰৰ ব্যুৰ' চীফ ইনায়ত জাহাংগীৰ আৰু পি টি আইৰ ভিডিঅ' সাংবাদিক জম্মু ছমিল আব্ৰল। বাকীসকল ক্ৰমে অৱতাৰ কৃষণ ভাট, বিবেক ছুৰি, সুনীল জী ভাট, দীনেশ মনহোত্ৰা, বিলাল আহমেদ ভাট, ৰাজিয়া নূৰ, ইছফাক গৌহৰ জাৰগাৰ, চৈয়দ খালিদ হুছেইন, সৰোশ কাফিল আৰু নীতা শৰ্মা।
ইপিনে, প্ৰাক্তন আই এ এছ বিষয়া মহম্মদ শ্বাফী পণ্ডিতক মৰণোত্তৰভাৱে জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয়। উৎকৃষ্ট ৰাজহুৱা সেৱাৰ বাবে বঁটা লাভ কৰা আন আন ব্যক্তিসকল হৈছে ক্ৰমে জম্মুৰ মুখ্য বন সংৰক্ষক ভি এছ চেন্থিল কুমাৰ; জে-কে মেডিকেল চাপ্লাইজ কৰ্প'ৰেশ্যনৰ পৰিচালন সঞ্চালক তাৰিক গনাই; ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব ৰোহিত শৰ্মা; লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা পূজা ৱাজিৰ আৰু বাৰামুল্লাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ (অধ্যাপক) মাজিদ জাহাংগীৰ।
সাহিত্যৰ ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে বঁটা লাভ কৰা ব্যক্তিসকলৰ ভিতৰত আছে যশপাল নিৰ্মল (ডোগৰি সাহিত্যি), চৌধুৰী হাছান পৰৱাজ (গোজৰি), পাৰৱেজ মনোষ (পাহাৰী), ফায়াজ দিলবাৰ (কবি, মৰণোত্তৰ), কেৱাল কৃষণ শৰ্মা (সাহিত্যিক/কবি) আৰু ৰতন লাল শৰ্মা (সাহিত্যিক, অনুবাদক)।
ক্ৰীড়া ক্ষেত্ৰৰ বঁটাপ্ৰাপকসকল হৈছে ক্ৰমে ক্ৰিকেটাৰ আকিব নবী দাৰ আৰু ব্রিজেশ শৰ্মা, ৰাকেশ সিং (জুডো), বিশাল খাজুৰিয়া (জুডো), ছালিম কুমাৰ (উছু), ৰবীশ আহমদ (এথলীট), সুদীপ্তি খান্না (জিমনাষ্টিক), মহম্মদ ইকবাল (এথলীট) আৰু আয়জা নাজ চিব (স্কেটিং)ক বঁটা প্ৰদান কৰা হয়।
প্ৰদৰ্শন কলাত তনয়া দেৱ গুপ্তা (কণ্ঠশিল্পী), অনিল টিক্কু (অভিনেতা), আয়াশ আৰিফ (অভিনেতা/পৰিচালক), আব্দুল হামিদ ভাট (ৰবাব শিল্পী), ৰমন সিং স্লাথিয়া (ডোগ্ৰী লোকশিল্পী), সুনীল শৰ্মা (কণ্ঠশিল্পী/সংগীত পৰিচালক), অজয় কুমাৰ শৰ্মা (থিয়েটাৰ), সুদেশ কে বাৰ্মা (প্ৰযোজক/পৰিচালক) আৰু নীৰজ বাৰ্মাক (তবলাবাদক) এই বঁটা প্ৰদান কৰা হয়।
কলা আৰু শিল্পকলাৰ উৎকৃষ্টতাৰ বঁটা চাজ্জাদ হুছেইন ভাট (সোজনী শিল্পী), ভূষণ কেছৰ (শিল্পী/কলা শিক্ষাবিদ), মহম্মদ শ্বাফী ভাট (কানি শিল্পী), ৰাজিয়া মুস্তাক (শিল্পী) আৰু ইছফৰ আলী (জ্যেষ্ঠ শিল্প প্ৰশিক্ষক, পেপাৰ পাল্প)ক প্ৰদান কৰা হয়।
সমাজ সংস্কাৰ আৰু সৱলীকৰণৰ ক্ষেত্ৰত বঁটা লাভ কৰে কাশ্মীৰৰ ইউম্বাৰজাল এপ্লাইড ৰিছাৰ্চ ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক আৰ্হান বাগাতি; শ্ৰীনগৰৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু চেৰিটেবল ট্ৰাষ্টৰ সভাপতি/প্ৰতিষ্ঠাপক মেহজাবিন নবী আৰু কাশ্মীৰৰ টিম ৰেড এন জি অ'ৰ অধ্যক্ষ ছাদাত নাছিৰ ৱানী ছ'গামী।
ঔদ্যোগিক উদ্যমিতা শিতানত বঁটাপ্ৰাপকসকল হৈছে মহম্মদ নিয়াজ-উল-কবীৰ (জি আৰ ৮ স্প'ৰ্টছ), শ্বেখ য়ামিন (হেভেঞ্চাৰ এডভেঞ্চাৰ্ছ প্ৰাইভেট লিমিটেড) আৰু সুনীল সিং (আখৰোট খেতিয়ক, কিষ্টৱাৰ গোল্ড আখৰোট ফাৰ্ম)।