বাধ্যতামূলক হিজাবৰ বিৰোধীতা অসমীয়া মুছলমান মহিলাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
(বাওঁফালৰ পৰা ঘড়ীৰ দিশত) আয়েছা আশ্ৰফ আহমেদ, মাহফুজা ৰহমান, শ্বাহিন আখটাৰ আৰু শ্বেহনাজ ৰহমান
(বাওঁফালৰ পৰা ঘড়ীৰ দিশত) আয়েছা আশ্ৰফ আহমেদ, মাহফুজা ৰহমান, শ্বাহিন আখটাৰ আৰু শ্বেহনাজ ৰহমান
মুন্নী বেগম / গুৱাহাটী
 
হিজাব হৈছে মুছলমান মহিলাই পৰিধান কৰা এক প্ৰকাৰৰ আৱৰণ যি মহিলাৰ মুৰ আৰু বুকু ঢাকি ৰাখে। এই আৱৰণ মহিলাসকলে সাধাৰণতে তেওঁলোকৰ নিকটতম পৰিয়ালৰ তথা বাহিৰৰ পুৰুষৰ পৰা শালীনতা ৰক্ষাৰ বাবে পৰিধান কৰি আহিছে। কিন্তু শেহতীয়াকৈ সমগ্ৰ দেশজুৰি হিজাবকলৈ এক অবাঞ্ছিত বিতৰ্কৰ সৃষ্টি হৈছে আৰু এই বিতৰ্কই এতিয়া ন্যায়ালয়ৰ মজিয়া পাইছে। এই বিতৰ্কক বহু মুছলমান লোকে সমৰ্থন কৰিছে যদিও বহুতে ইয়াৰ বিৰুধীতাও কৰিছে। একাংশই কয় যে হিজাব হৈছে এক প্ৰকাৰৰ আৱৰণ, যি আৱৰণ পৰিধান কৰিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই।  
 
আৱাজ-দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বিলং মহাবিদ্যালয়ৰ অধ্যাপিকা আয়েছা আশ্ৰফ আহমেদে কয়, "সম্প্ৰতি হিজাবক লৈ চৌদিশে সৃষ্টি হোৱা বিতৰ্কক মই কেতিয়াও সমৰ্থন নকৰোঁ। মই ভাবো যে ধৰ্ম এক সম্পূৰ্ণ ব্যক্তিগত বিষয়। যাক একোৰে সৈতে ৰিজাব পৰা নাযায়। মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে হিজাব পৰিধান কৰা বিষয়টো কোৰাণত উল্লেখ থকা বুলি বহুতে দাবী কৰি আহিছে। কিন্তু সকলোৱে হিজাব পৰিধান কৰিব লাগিব বুলি বাধ্য কৰোৱা নাই।"  
আয়েছা আশ্ৰফ আহমেদে কয়, "এইটো সঁচা যে কোৰাণৰ দুটা আয়াতত পৰ্দাৰ কথা উল্লেখ আছে। আয়াত দুটাত কোৱা হৈছে যে 'হে নবী তুমি তোমাৰ ঘৰৰ মহিলা সকলক আৰু বিশ্বাসী মহিলা সকলক বাহিৰলৈ যোৱাৰ সময়ত মূৰৰ পৰা বুকু পৰ্যন্ত ঢাকি ওলাবলৈ ক'বা'। এই নিৰ্দেশনাৰ কাৰন আছিল যে সেই সময়ত মদিনাৰ সমাজখন খুব ভাল নাছিল। তেতিয়া ইছলামে পূৰ্ণতা লাভ কৰা নাছিল আৰু সেই সময়ত আৰবত ইছলামৰ বাহিৰে ইহুদী তথা অন্য ধৰ্মৰ লোকে বসবাস কৰিছিল। সেই সময়তো পুৰুষসকলে মহিলাক দেখিলে সততে তুলুঙা মন্তব্য কৰিছিল যদিও নবীৰ ঘৰৰ মহিলাসকলক খুব সন্মানৰ দৃষ্টিৰে চোৱা হৈছিল। সেয়ে নবীৰ ঘৰৰ মহিলা সকলক অন্যতকৈ পৃথক আৰু অবাঞ্ছিত পৰিস্থিতিৰ পৰা ৰক্ষা পাবৰ বাবে আল্লাই এই আয়াত উল্লেখ কৰিছিল। কিন্তু তেতিয়াও সকলো মহিলাই পৰ্দা লব লাগিব বুলি বাধ্যবাধকতা নাছিল। কিন্তু সম্প্ৰতি সমগ্ৰ মুছলমান সমাজে পৰ্দা লোৱাটো বাধ্যতামূলক হিচাপে গ্ৰহণ কৰি লৈছে।"
আয়েছা আহমেদে লগতে কয়, "আমাৰ মা, আইতাসকলে কেতিয়াওঁ হিজাব, নাকাব তথা বোৰ্খা পৰিধান কৰা দেখা নাই বা তেওঁলোকে পৰিধান কৰা নাছিল। এই পৰম্পৰাটো আৰবতহে অধিক প্ৰচলিত। কিয়নো আৰবৰ জলবায়ু অতি গৰম হোৱাৰ লগতে চৌদিশ ধূলি, বালিৰে আবৃত্ত। সেয়েহে নিজকে সুৰক্ষা প্ৰদান কৰাৰ বাবে তাত মহিলা তথা যুৱতীসকলে হিজাব, নাকাব তথা বোৰ্খা পৰিধান কৰা দেখা যায়। কিন্তু বৰ্তমান আমাৰ ইয়াত আৰবৰ সংস্কৃতিক সকলোৱে আকোঁৱালি লৈছে। যিটো মই সমৰ্থন নকৰোঁ। মই ভাবো যে কেৱল মুছলমানে নহয় অন্য সম্প্ৰদায়ৰ মহিলাসকলে নিজকে পৰ্দাত ৰাখিব জানে আৰু নিজৰ সংযমতা ৰক্ষা কৰিব জানে।"
 
কৰ্ণাটকৰ এখন শিক্ষানুষ্ঠানৰ সন্মুখত হিজাব পিন্ধা ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে
 
এখন শিক্ষানুষ্ঠানত যদি এক নিৰ্দিষ্ট সাজ পোচাক নিৰ্ধাৰন কৰি দিয়া হৈছে, তেন্তে শিক্ষাৰ্থীসকলে ইয়াৰ সন্মান কৰা উচিত। যদি সকলোৱে নিজৰ নিজৰ মতে সাজ পোচাক পৰিধান কৰি শিক্ষানুষ্ঠান লৈ আহে তেনেহে'লে আমি সকলোৱে বিশৃংখল হৈ পৰিম। যদি শিক্ষাৰ্থীসকলে  হিজাব বা ওৰণি পৰিধান কৰিব বিচাৰে, তেনেহলে ছাত্ৰীসকলে ইউনিফৰ্মৰ সৈতে মিল থকা হিজাব পৰিধান কৰিব লাগে আৰু ইয়াৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ অনুমতি লওৱাটো বাঞ্ছনীয় বুলি আয়েছা আহমেদে মন্তব্য কৰে। 
উদীয়মান কবি শ্বাহিন আখটাৰে কয়, "হিজাব এক প্ৰকাৰৰ পোচাক। শিক্ষাৰ লগত হিজাবৰ কোনো সম্পৰ্ক নাই। যিদৰে পাঞ্জাবী লোকসকলে মুৰত পাগুৰি পৰিধান কৰি আহিছে তেনেদৰে মুছলমান সম্প্ৰদায়ৰ একাংশ মহিলাইও হিজাব পৰিধান কৰা দেখা যায়। কিন্তু হিজাব পৰিধানক লৈ কোনো বাধ্যবাধকতা নাই। সম্প্ৰতি আমাৰ সমাজত এক ভূল ধাৰনাই জন্ম লৈছে যে হিজাব পিন্ধিলেহে মুছলমান, নিপিন্ধিলে মুছলমান নহয়। কিন্তু প্ৰকৃততে তেনেকুৱা কোনো কথা নাই। হিজাব পৰিধান কৰাটো সম্পূৰ্ণ নিজৰ পছন্দৰ কথা। আজিকালি  যুৱতী তথা মহিলাৰ মাজত হিজাব পৰিধান কৰাটো এক ফেশ্বনত পৰিণত হৈছে। মই ভাবো যদি কোনোৱে হিজাব পিন্ধিব বিচাৰে তেনেহেলে পিন্ধিব পৰে আৰু যদি নিবিচাৰে তেনেহেলে নিপিন্ধিব পাৰে। ইয়াক লৈ অযথা বিতৰ্ক কৰা উচিত নহয়।"
উদীয়মান কবি শ্বাহিনে কয়, "মই ভবো হিজাব এক পৰ্দা। কিন্তু হিজাব পিন্ধাটো পৰ্দা নহয়। যদি এগৰাকী যুৱতী তথা মহিলাই সংযতভাৱে পোচাক পৰিধান কৰে, তেন্তে সেইয়া হিজাব পৰিধান কৰা বুলি ক'ব পাৰি। মুৰত ওৰণি ল'লে যে হিজাব পিন্ধা হব তেনে কোনো কথা নাই। যিকোনো সংযত পোচাকে হিজাব হয়।"
 
কিছুমান প্ৰচলিত ফেশ্বন হিজাব
 
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহবিদ্যালয়ৰ প্ৰবক্তা তথা আধিবক্তা শ্বেহনাজ ৰহমানে কয়, "প্ৰত্যেক ধৰ্মক আমি সন্মান কৰা উচিত। প্ৰত্যেক ধৰ্মৰে নিৰ্দিষ্ট কিছু সাজ-পোচাক আছে। যিবোৰক লৈ আমি বিতৰ্ক কৰাটো উচিত নহয়। শেহতীয়াকৈ সৰ্বত্ৰে সৃষ্টি হোৱা হিজাব বিতৰ্কক মই সমৰ্থন নকৰো। কিয়নো হিজাবক লৈ বিতৰ্ক হোৱাৰ কোনো প্ৰশ্নই আহিব নলাগে। প্ৰত্যেক শিক্ষানুষ্ঠানৰ এক নিৰ্দিষ্ট পোচাক থাকে। যদি সেই পোচাকৰ লগতে কোনো শিক্ষাৰ্থীয়ে  হিজাব পিন্ধিব বিচাৰে তাক লৈ বিতৰ্ক কৰাটো উচিত নহয়। ময়ো এখন আইন মহাবিদ্যালয়ৰ শিক্ষয়ত্ৰী হয়। আমাৰ মহাবিদ্যালয়তো বহু ছাত্ৰীয়ে হিজাব পৰিধান কৰি আহে। তেনেক্ষেত্ৰত আমাৰ মহাবিদ্যালয়ত কোনো বিতৰ্কৰ সৃষ্টি হোৱা নাই।"   
 
কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন অধ্যাপিকা মাহফুজা ৰহমানে কয়, "হিজাব বিতৰ্কটোক মই সমৰ্থন নকৰোঁ। কিয়নো  শিক্ষানুষ্ঠান এখনৰ এক নিৰ্দিষ্ট সাজ পোচাক থাকে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে সেই অনুশাসন মানি চলিব লাগে। যদি কোনোৱে মুৰ ঢাকিব বিচাৰে তেন্তে ইউনিফৰ্মৰ বৰণৰ হিজাব তথা ওৰণি এখন পৰিধান কৰিব পাৰে সেয়াও বিদ্যালয়ৰ কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে।"