কাৰ্যকৰী হ'ল ৫০% ৰ পৰা ১৮% হ্ৰাস হোৱা মাৰ্কিন শুক্ল

Story by  atv | Posted by  [email protected] • 1 d ago
ড'নাল্ড ট্রাম্প
ড'নাল্ড ট্রাম্প
 
নতুন দিল্লী
 
ভাৰত-মার্কিন অন্তর্বর্তীকালীন বাণিজ্য চুক্তিৰ ঘোষণাৰে আজি দুই দেশৰ মাজৰ বাণিজ্যিক সম্পর্কত নতুন অধ্যায়ৰ সূচনা হ'ল। মাৰ্চ মাহৰ মাজভাগত বাণিজ্য চুক্তি স্বাক্ষৰিত হোৱাৰ পূর্বে আজি ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত আৰোপিত ৫০ শতাংশৰ শুল্ক ১৮ শতাংশলৈ হ্রাস কৰি এক কার্যবাহী নির্দেশনাত স্বাক্ষৰ কৰে।
 
তাৰ লগে লগে আজি নতুন শুল্ক নিৰিখ দুয়ো দেশৰ মাজত কাৰ্যকৰী হ'ল। পূর্বে ২৫ শতাংশ পাৰস্পৰিক শুল্ক ১৮ শতাংশলৈ হ্ৰাসৰ ঘোষণা কৰা হৈছিল যদিও ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আৰোপিত অতিৰিক্ত ২৫ শতাংশ শুল্ক বাতিল হোৱা নাছিল। ট্রাম্প প্রশাসনে আজি এই শাস্তিমূলক শুল্ক প্রত্যাহাৰ কৰি নিৰ্দেশনা জাৰি কৰে। ভাৰত-মার্কিন বাণিজ্য চুক্তিৰ গুৰুত্বপূর্ণ সিদ্ধান্ত হ'ল অহা পাঁচ বছৰৰ ভিতৰত ভাৰতে পাঁচশ বিলিয়ন ডলাৰৰ মার্কিন সামগ্রী ক্ৰয় কৰিব।
 
এই সামগ্ৰীসমূহৰ ভিতৰত আছে বিমান, বিমানৰ যন্ত্রাংশ, ইন্ধন আৰু ক'ক-কয়লাৰ দৰে সামগ্রী। আজি ঘোষিত ফ্রেমৱৰ্ক চুক্তিমতে ভাৰতৰ ওপৰত আৰোপিত সমুদায় ৫০ শতাংশ শুল্ক ১৮ শতাংশলৈ হ্রাস পালেও ভাৰতে যদি পুনৰ ৰাছিয়াৰ তেল ক্রয় কৰে, তেন্তে পুনৰ অতিৰিক্ত ২৫ শতাংশ শুল্ক ভাৰতৰ ওপৰত বলবৎ হ'ব। শনিবাৰে পুৱা দুয়ো দেশে জাৰি কৰা যুটীয়া বিবৃতিত কোৱা হয় যে দুয়ো দেশ অন্তর্বর্তীকালীন চুক্তিৰ বাবে এক ফ্রেমৱৰ্কত ঐকমত্যত উপনীত হৈছে এক বিস্তাৰিত বাণিজ্য চুক্তিৰ বাবে দুয়ো দেশে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।
 
তাৰ পাচতে এক সংবাদমেল সম্বোধন কৰি ভাৰতৰ বাণিজ্য মন্ত্রী পীযূষ গোয়েলে অন্তর্বর্তী চুক্তিব সবিশেষ ঘোষণা কৰে। বাণিজ্য মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে কেতবোৰ মার্কিন সামগ্ৰীৰ তুৰন্তে আৰু কেতবোৰত পর্যায়ক্রমে শুল্ক প্রত্যাহাৰ কৰিব। শীঘ্রে শুল্ক প্রত্যাহাৰ হ'বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে আপেল, ডি ডি জি এছ, বাইন-স্পিৰিট, পিস্তা, বালনাট, আলমণ্ড, পশুখাদ্য, কেতবোৰ ঔদ্যোগিক সৰঞ্জাম, চয়াবিন তেল, কর্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বহু ঔষধ, সতেজ ফল-মূল, জৈৱ-অজৈৱ ৰাসায়নিক সামগ্রী, কম্পিউটাৰৰ বহু যন্ত্রাংশ আৰু বহু চিকিৎসা সামগ্রী।
 
গোয়েলে কয় সকলো স্পর্শকাতৰ সামগ্ৰী চুক্তিৰ বাহিৰত ৰখা হৈছে। কোনো জিনীয়ভাবে পৰিবৰ্তিত খাদ্য দ্রব্য ভাৰতত প্ৰৱেশ নকৰে। মাংস, মুৰ্গীৰ মাংস, দুগ্ধ, চয়াবিন, চাউল, ঘেঁহু, চেনি, মিলেট, কলৰ দৰে ফল, ষ্ট্ৰবেৰী, চেৰী, টেঙা ফল, মটৰ মাহ, কাবুলী চানা, মুগ, তৈল বীজ, ইথানল আৰু ধপাতত মার্কিন যুক্তৰাষ্ট্ৰক কোনো বেহাই দিয়া হোৱা নাই। বাণিজ্য মন্ত্রী গোয়েলে লগতে ঘোষণা কৰে যে মার্কিন যুক্তৰাষ্ট্ৰলৈ ভাৰতে বতে ৰপ্তানি কৰা মণি-মুক্তা-হীৰা, ঔষধ, স্মার্টফোন, মছলা, বিমানৰ যন্ত্রাংশ, চাহ, কফি, অমিতা, মধুৰিআম, নাৰিকল-নাৰিকল তেল, তামোল, কাজু, ব্রাজিল নাট, কল, আম, আনাবস, মাশ্বৰুম, কেতবোৰ বেকাৰী সামগ্রী, অভ 'কাজু, কিরি আদি সামগ্রীত কোনো শুল্ক এতিয়াৰ পৰা বলবৎ নহ'ব।