নতুন দিল্লী
জীয়াই আছে মোজতবা খামেনেই। আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই মঙলবাৰে কংগ্ৰেছৰ 'ছেনেট বৈদেশিক সম্পৰ্ক সমিতি'ৰ সন্মুখত বক্তব্য ৰাখি সদৰী কৰিছে এই তথ্য।
নেতাগৰাকীৰ মতে, ইৰানৰ সৰ্বোচ্চ নেতাৰ পুত্ৰ মোজতবা খামেনেই জীৱিত আছে আৰু দেশৰ ৰাজনৈতিক-প্ৰশাসনিক বিষয়ত ক্ৰমাৎ অধিক সক্ৰিয়ভাৱে জড়িত হোৱাৰ লক্ষণ দেখা গৈছে।
ৰুবিঅ’ই লগতে কয় যে, মোজতবা খামেনেই ইৰানৰ ৰাষ্ট্ৰীয় কাৰ্যকলাপত পুনৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে। তেওঁৰ মতে, পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন সম্ভৱ আৰু যিকোনো সময়তে নতুন কূটনৈতিক অগ্ৰগতি বা সিদ্ধান্ত আহিব পাৰে।
ইয়াৰ লগতে আমেৰিকাৰ বিদেশ সচিবগৰাকীয়ে ইৰানক হৰমুজ প্ৰণালী পুনৰ সম্পূৰ্ণৰূপে মুকলি কৰাৰ আহ্বান জনায়। তেওঁ কয় যে এই গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথটোত তেল আৰু গেছ পৰিবহণ ব্যাহত হোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নেতিবাচক প্ৰভাৱ পৰিছে। ইৰানে জাহাজ চলাচলৰ ওপৰত কোনো ধৰণৰ বাধা বা মাচুল আৰোপ নকৰাৰ লগতে অতিক্ৰম কৰা জাহাজসমূহৰ ওপৰত আক্ৰমণ বন্ধ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
ৰুবিঅ’ই লগতে জানিবলৈ দিয়ে যে ইৰানে যদি হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰি দিয়ে আৰু নৌ-সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰে, তেন্তে আমেৰিকাই প্ৰণালীটোৰ পানীত পতা মাইনসমূহ আঁতৰোৱাত সহায় আগবঢ়াব।