নতুন দিল্লী
২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰানাক বিচাৰৰ বাবে ভাৰতলৈ প্ৰেৰণ কৰাৰ পথ মুকলি কৰিলে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে।
পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক ৰানাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ক তেওঁৰ প্ৰত্যাৰ্পণত বাধা দিবলৈ কৈছিল যদিও তেওঁৰ অনুৰোধ নাকচ কৰা হয়। ভাৰতৰ প্ৰত্যাৰ্পণৰ অনুৰোধক সমৰ্থন জনাই আমেৰিকা চৰকাৰে ৰানাৰ আবেদন নাকচ কৰিবলৈ আদালতক কয়।
ইয়াৰ পূৰ্বে ৰানা ছান ফ্ৰান্সিস্কোৰ আমেৰিকাৰ আপিল আদালতকে ধৰি নিম্ন আদালততো আপীল হেৰুৱাইছিল। এই আদালতসমূহে ৰায় দিছিল যে ভাৰত-আমেৰিকা প্ৰত্যাৰ্পণ চুক্তিৰ জৰিয়তে তেওঁক ভাৰতক গতাই দিয়াৰ অনুমতি দিয়া হৈছে।
২৬/১১ আক্ৰমণৰ পৰিকল্পনাত জড়িত পাকিস্তানী-আমেৰিকান সন্ত্ৰাসবাদী ডেভিদ কলমেন হেডলীৰ সৈতে ৰানাৰ সম্পৰ্ক আছে। ১০ জন সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এই আক্ৰমণত ৬০ আমেৰিকানকে ধৰি ১৬৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ ঘণ্টীয়া ঘেৰাওৰ সময়ত সমগ্ৰ মুম্বাইত বিশৃংখলতাৰ সৃষ্টি হয়।