মাদ্ৰাছা শিক্ষকৰ সন্তান মহম্মদ আমিৰ আনছাৰী এতিয়া ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ যুৱ বিজ্ঞানী

Story by  atv | Posted by  Munni Begum • 4 Months ago
মহম্মদ আমিৰ আনছাৰী
মহম্মদ আমিৰ আনছাৰী
 
ডাঃ ফৈয়াজ আহমেদ ফাইজি / লক্ষ্ণৌ
 
প্ৰতিভা কাৰো পৈতৃক সম্পত্তি নহয়। সমাজৰ নিম্নস্তৰৰ এজন ব্যক্তিও নিজৰ প্ৰতিভাৰ বাবে ডাঙৰ কৃতিত্ব সাধন কৰি আগুৱাই যাব পাৰে। যি কথা সঁচাত প্ৰতিপন্ন কৰিছে আৰ্থিকভাৱে দুৰ্বল পাছমাণ্ডা পৰিয়ালত জন্মগ্ৰহণ কৰা মহম্মদ আমিৰ আনছাৰীয়ে। আমিৰে মাত্ৰ ২৩ বছৰ বয়সতে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত যুৱ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰি এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। 
 
গাজীপুৰৰ পাৰ্ছাৰ বাসিন্দা মহম্মদ আমিৰ আনছাৰী। তেওঁৰ পিতৃ আকিল আনছাৰীয়ে মাদ্ৰাছা জামিয়া আৰব মাতলাউল উলুম (বাৰানসী)ত অধ্যাপনা কৰে। আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত আমিৰ কয় যে, তেওঁৰ এই সফলতাই অৰ্থনৈতিকভাৱে দুৰ্বল নিবনুৱাসকলক কঠোৰ পৰিশ্ৰম আৰু উচ্চ লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিছে। তেওঁ যুৱক-যুৱতীসকলক নিজৰ কৰ্তব্য পালন কৰি নিৰন্তৰ নতুন মাত্ৰা প্ৰতিষ্ঠা কৰিবলৈ পৰামৰ্শ দিয়ে।
তেওঁৰ এই কৃতিত্ব সন্দৰ্ভত মহম্মদ আমিৰ আনছাৰীয়ে কয় যে তেওঁ সৰুৰে পৰাই এ পি জে আব্দুল কালামৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছিল আৰু ডাঙৰ হৈ বিজ্ঞানী হ’ব বিচাৰিছিল। আজি তেওঁ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিয়ালৰ সহযোগত নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে। 
 
এক প্ৰশ্নৰ উত্তৰত আমিৰে কয় যে সফলতা সহজ লভ্য নহয়। কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে ইয়াক লাভ কৰিব পৰা যায়। কিন্তু এই সময়ত হতাশাৰভাব মনলৈ অহা উচিত নহয়। মন দৃঢ় থাকিলে আপোনাক লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাত একোৱেই বাধা দিব নোৱাৰে।  
 
আপনা মহম্মদাবাদ ফেচবুক পেজৰ এক স্ক্ৰীণশ্বট
 
ইয়াৰ পূৰ্বে আমিৰে গেট পৰীক্ষাত সৰ্ব ভাৰতীয় পৰ্যায়ত ৪৫ স্থান লাভ কৰি  আই আই টি মুম্বাইৰ পৰা এম.টেক ডিগ্ৰী লাভ কৰিছে। যোৱা বছৰ তেওঁৰ কনিষ্ঠ ভাতৃ মহম্মদ আবিদ আনছাৰীয়েও প্ৰথম প্ৰয়াসতে নীট পৰীক্ষাত উত্তীৰ্ণ হৈ পি জি আই আজমগড়ৰ পৰা এমবিবিএছ কৰি আছে।
 
আমিৰেৰ সফলতাত সমগ্ৰ গাঁও আৰু পৰিয়ালৰ মাজত আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে। মহম্মদ আমিৰ আনছাৰীৰ এই কৃতিত্ব সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো যথেষ্ট প্ৰশংসা কৰা হৈছে। তেওঁ বিজ্ঞানী হোৱাৰ বিষয়ে প্ৰথমে টুইটাৰত শ্বেয়াৰ কৰিছিল জাইদ হুছেইনে। আনহাতে এই তথ্য আপনা মহম্মদাবাদ ফেচবুকতো শ্বেয়াৰ কৰিছে আৰু উৎসাহজনক মন্তব্য লাভ কৰিছে।