অনাথ শিশুক অন্নদানেৰে ছ’চিয়েল মিডিয়াত খলকনি তোলা মইনুদ্দিনৰ সপোন বৃদ্ধাশ্ৰম স্থাপন কৰা

Story by  atv | Posted by  [email protected] • 2 Months ago
Nawab's Kitchen ৰ খোৱাজা মইনুদ্দিনে অনাথ শিশুৰ বাবে ৰন্ধা-বঢ়া কৰি থকা মুহূৰ্তত
Nawab's Kitchen ৰ খোৱাজা মইনুদ্দিনে অনাথ শিশুৰ বাবে ৰন্ধা-বঢ়া কৰি থকা মুহূৰ্তত
 
শ্বাহ তাজ খান (পুনে)
 
বগা কুৰ্তা-পাইজামা আৰু মূৰত টুপি পিন্ধা এজন যুৱক। এখন বিশাল পথাৰত বৃহত্‍ পৰিমাণৰ খাদ্য ৰান্ধি হাঁহিমুখীয়া মুখেৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এই যুৱকজন কোনো পেছাদাৰী ৰান্ধনী নহয়। তেওঁ হৈছে জনপ্ৰিয় ইউটিউব চেনেল নৱাব’ছ কিচেন (Nawab’s Kitchen)ৰ ক্ৰিয়েটৰ খোৱাজা মইনুদ্দিন। তেওঁ এজন প্ৰাক্তন সাংবাদিক আৰু অনাথ শিশুক খুৱাবলৈ সুস্বাদু খাদ্য ৰান্ধে।
 
 
পাঁচ বছৰ পূৰ্বে মইনুদ্দিন আৰু তেওঁৰ দুজন সহযোগী শ্ৰীনাথ ৰেড্ডী আৰু ভগত ৰেড্ডীয়ে আৰম্ভ কৰিছিল নবাব’ছ কিচেন। তেওঁ ২০১৭ চনত হায়দৰাবাদৰ এটা বিখ্যাত মিডিয়া কোম্পানীৰ চাকৰি এৰি এই সামাজিক উদ্যোগটো আৰম্ভ কৰিছিল। ইউটিউব চেনেলটোৰ এতিয়ালৈকে প্ৰায় ২৭.৮ লাখ subscribers আছে আৰু এতিয়ালৈকে তেওঁলোকে ৮৪৩টা ভিডিঅ’ পোষ্ট কৰিছে। এই ভিডিঅ'বোৰৰ দৰ্শকৰ সংখ্যা লাখৰ ঘৰত আছে। 'সকলো অনাথ শিশুৰ বাবে খাদ্য' (Food for all orphans)ৰ টেগলাইনটোৱে চেনেলটোৰ উদ্দেশ্য স্পষ্ট কৰিছে।
 
খোৱাজা মইনুদ্দিন খাদ্য পৰিবেশন
 
ইয়াৰ পূৰ্বে তেওঁ হায়দৰাবাদত ১২ বছৰ ধৰি সংবাদ মাধ্যমত কাম কৰিছিল আৰু কেতিয়াবা অনাথ শিশুৰ বাবে ৰন্ধা-বঢ়া কৰিছিল। সেই ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। যেতিয়া তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, তেতিয়া মইনুদ্দিনৰ অফিচৰ বছসকলে তেওঁক এইবোৰ কাম বন্ধ কৰিবলৈ কয় নতুবা চাকৰি এৰিবলৈ কয়।
 
ইয়াৰ পিছত ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত মইনুদ্দিন, ভগত, আৰু শ্ৰীনাথে নিজৰ বিশ্বাসক আগুৱাই নিবলৈ চাকৰি এৰিছিল।
 
মইনুদ্দিনে Nawab’s kitchen চেনেলটোৰ আঁতধৰোতা হিচাপে থকাৰ বিপৰীতে ভগতে প্ৰি-প্ৰডাকচনৰ কামখিনি চোৱাচিতা কৰে, ৰেচিপি বাছনি কৰি সা-সামগ্ৰীসমূহৰ ব্যৱস্থা কৰে, আৰু শ্ৰীনাথে পৃষ্ঠপোষকৰ ব্যৱস্থা কৰে। তিনিজন বন্ধুৱে এতিয়া অফিচত ১২ জন লোকক নিযুক্ত কৰিছে।
 
Nawab's Kitchenৰ মইনুদ্দিন
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত মইনুদ্দিনে কয়, "এদিন মই বিৰিয়ানী ৰান্ধি পত্নীক খুৱাইছিলো। তেওঁ খাই বহুত ভাল পাইছিল। এইটোৱে মোক অনুপ্ৰাণিত কৰিছিল আৰু মই ৰান্ধিবলৈ আৰম্ভ কৰিছিলো।"
 
উল্লেখ্য যে, খোৱাজা মইনুদ্দিনৰ জন্ম তেলেংগানাৰ গুন্টুৰত। পিছলৈ তেওঁৰ পৰিয়ালে হায়দৰাবাদত বসতি স্থাপন কৰে। সফলতাৰ বাবে সৰ্বশক্তিমানক ধন্যবাদ জনাই তেওঁ কয়, "মই বহু চিন্তা-চৰ্চাৰ অন্তত এই কামটো আৰম্ভ কৰিলোঁ। মই নাজানিছিলো যে মানুহৰ পৰা ইমান মৰম-চেনেহ লাভ কৰিম; মাত্ৰ ল'ৰা-ছোৱালীক ভাল খাদ্য খুৱাব বিচাৰিছিলো।"
 
তেওঁৰ এটা ভিডিঅ'ৰ পোষ্টাৰ
 
চাকৰি বাদ দিবলগীয়া পৰিস্থিতিটোৰ কথা স্মৰণ কৰি তেওঁ কয়, "মোক অফিচলৈ মাতি পঠোৱা হৈছিল আৰু মেনেজমেণ্টে কৈছিল যে চাকৰিৰ বাহিৰে আন কাম কৰাটো তেওঁলোকে পচন্দ নকৰে। তেওঁ হয়তো চাকৰি কৰিব লাগিব অথবা বাহিৰা কাম কৰিব লাগিব।" 
 
ইয়াৰ পিছত তেওঁ চাকৰি বাদ দিয়াৰ সিদ্ধান্ত লয়। পত্নী নাহিদা বেগমে সেই সময়ত মইনুদ্দিনৰ আবেগ আৰু ইচ্ছাক সমৰ্থন কৰাই নহয়, তেওঁক আগুৱাই যাবলৈও উৎসাহিত কৰিছিল। নাহিদাই তেওঁক কৈছিল, “নিথৰুৱা ল’ৰা-ছোৱালীক খাদ্য খুওৱোটো এটা মহান কাম আৰু আপুনি এদিন ইয়াৰ বাবে ধন্য হ’ব।”
 
বস্তিৰ ল’ৰা-ছোৱালীৰ সৈতে খোৱাজা মইনুদ্দিন
 
সেই সময়লৈকে Nawab’s Kitchen চেনেলটোত তেওঁ মাত্ৰ ছটা ভিডিঅ’ পোষ্ট কৰিছিল আৰু মাত্ৰ এটাহে ভাইৰেল হৈছিল। নাহিদাৰ আশ্বাসত মইনুদ্দিনে একাণপতীয়াকৈ ল’ৰা-ছোৱালীৰ বাবে ৰন্ধা-বঢ়া আৰু ভিডিঅ' বনোৱাত মনোনিৱেশ কৰিছিল।
 
মইনুদ্দিনে কয়, "মই ভাবো যে এয়া সদায় মোৰ অৱচেতন মনত আছিল। যেতিয়াই মই কোনো দুখীয়া মানুহক দেখিছিলো, তেতিয়াই মই দুখ অনুভৱ কৰিছিলো। বিশেষকৈ মোৰ মনত আছে যে অসহায় অনাথ শিশুৱে ৰেলৱে ষ্টেচনত ডাষ্টবিন আৰু ট্ৰেকৰ পৰা খাদ্য খাইছিল। এই ল'ৰা-ছোৱালীবোৰে গ্ৰহণ কৰা খাদ্য স্বাস্থ্যসন্মত নহয়; মই সিহঁতক ভাল আৰু সোৱাদযুক্ত খাদ্য খুৱাব বিচাৰিছিলো।”
 
মইনুদ্দিনৰ ৰন্ধা-বঢ়াৰ প্ৰস্তুতি
 
মইনুদ্দিনে প্ৰথমে নিজৰ ধন খৰচ কৰি নিমন্ত্ৰিত ল’ৰা-ছোৱালীবোৰৰ বাবে খাদ্য ৰান্ধিছিল। ইয়াৰে বেছিভাগ শিশু অনাথ আছিল। লাহে লাহে তেওঁলোকক সহায় কৰিবলৈ বহুতো হৃদয়বান ব্যক্তি আগবাঢ়ি আহিল। আজি তেওঁলোকে এদিনৰ আহাৰ প্ৰস্তুত কৰাত কমেও ২৫ হাজাৰ টকা খৰচ কৰে।
 
ল’ৰা-ছোৱালীৰ বাবে সুস্বাদু ভোজনৰ ব্যৱস্থা কৰিবলৈ মইনুদ্দিনে নিজৰ সাতজনীয়া দলৰ সৈতে মুকলি পথাৰত খাদ্য প্ৰস্তুত কৰে। তাৰ পিছত প্লেটত ল’ৰা-ছোৱালীক খাদ্যখিনি পৰিবেশন কৰে। শিশুসকলৰ হাঁহিমুখীয়া চেহেৰা আৰু সমগ্ৰ অনুষ্ঠানটোৰ চাৰিওফালে বিয়পি থকা আনন্দখিনি ষ্ক্ৰিণতো স্পষ্টকৈ অনুভৱ কৰিব পাৰি। 
 
এটা মাছৰ সৈতে খোৱাজা মইনুদ্দিন
 
উল্লেখ্য যে, মইনুদ্দিন আৰু তেওঁৰ দলটোৱে হায়দৰাবাদৰ কেইবাটাও অনাথ আশ্ৰমৰ বাবে খাদ্য প্ৰস্তুত কৰে। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত যেতিয়া তেওঁ আৰম্ভ কৰিছিল, তেতিয়া মুকলি পথাৰত ৰন্ধা-বঢ়া কৰা আৰু শিশুক সেৱা আগবঢ়োৱাটো এটা নতুন ধাৰণা আছিল। 
মইনুদ্দিনে শৈশৱৰ এটা ঘটনাৰ কথা মনত পেলাইছে।
 
"তেতিয়া মই বহুত সৰু আছিলো। ট্ৰেইনত যাত্ৰা কৰি আছিলো। খিৰিকীৰে বাহিৰলৈ চাই দেখিছিলো এজনী ছোৱালীয়ে যাত্ৰীসকলৰ পৰা খাদ্য বিচাৰি হাতৰ তলুৱাখন ওপৰলৈ দাঙি দিছিল। ট্ৰেকত মানুহে পেলাই দিয়া অৱশিষ্ট ইডলীবোৰ ল'ৰা-ছোৱালীবোৰে ছিঙি ছিঙি খাই থকা দেখিছিলো। এইবোৰ দেখি মোৰ মনত বৰ দুখ লাগিছিল। সেই ঘটনাটোৰে মোৰ মনত এটা ইচ্ছা জাগ্ৰত কৰিছিল যে যেতিয়াই সুযোগ পাম তেতিয়াই মই এনেকুৱা অভাৱগ্ৰস্ত ল’ৰা-ছোৱালীবোৰক পেট ভৰাই খুৱাম। আল্লাহে মোৰ ইচ্ছা পূৰণ কৰিলে।”-মইনুদ্দিনে কয়।
 
তেওঁ পুনৰ কয় যে যিমান দিন পাৰে, তেওঁ অনাথ আৰু দুখীয়া ল’ৰা-ছোৱালীক খুৱাই থাকিব। যদিও প্ৰথম অৱস্থাত মইনুদ্দিনে কেৱল অনাথ আশ্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, কিন্তু কভিড-১৯ৰ সময়ত তেঁওলোকে জনজাতীয় লোকে বাস কৰা গাঁওবোৰলৈ গৈও অভাৱগ্ৰস্তজনক খাদ্য আগবঢ়াইছিল।
 
আজিকালি Nawab’s Kitchen-এ সপ্তাহত দুবাৰকৈ অনাথ আশ্ৰমত আৰু সপ্তাহত তিনিবাৰকৈ শ্বেণ্টীৰ শিশুৰ বাবে খাদ্য পৰিবেশন কৰে। শেহতীয়াকৈ খোৱাজা মইনুদ্দিনৰ দলটোৱে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ কিছুমান জনজাতীয় অঞ্চলত উপস্থিত হৈ স্থানীয় পৰিবেশত সুস্বাদু খাদ্য ৰান্ধিছিল।
 
মইনুদ্দিনে কয়, "আমি যেতিয়া এই জনজাতীয় অঞ্চলবোৰ পালোঁ, তেতিয়া তাত থকা মানুহবোৰ বাছমতি চাউলৰ কথা জনাই নাছিল। আমি তাত কেইবাদিনো থাকি তিনি-চাৰিখন গাঁৱৰ মানুহক খুৱাই আহিছো।"
 
মইনুদ্দিনে আৱেগিকভাৱে কয়, "যেতিয়া মই দুখীয়া বসতিস্থানসমূহলৈ যাওঁ, তেতিয়া তাৰ বয়সীয়াল লোকসকলৰ অৱস্থা অতি বেয়া দেখিবলৈ পাঁও। তেওঁলোকক যত্ন আৰু সহায়ৰ প্ৰয়োজন। মই তেওঁলোকৰ বাবে এটা ঘৰ সাজিব বিচাৰো, এটা ঘৰ য'ত কোনো সামৰ্থ্য নথকা বৃদ্ধসকলে আৰামত থাকিব পাৰে। মই ইয়াৰ বাবে অহৰহ চেষ্টা কৰি আছো।”
 
আজি খোৱাজা মইনুদ্দিনে নিজৰ কাম-কাজেৰে কেৱল মানুহক অন্নদান কৰাই নহয়, ইয়াৰ জৰিয়তে তেওঁ পাৰস্পৰিক প্ৰেম আৰু ভাতৃত্ববোধৰো প্ৰসাৰ কৰিছে। সেয়ে তেওঁ য’তেই যায় তাতেই মানুহে তেওঁক বহুত মৰম আৰু সন্মান দিয়ে বুলি Nawab’s Kitchen-ৰ উদ্ভাৱকজনে আৱাজ দ্য ভইচক জানিবলৈ দিয়ে।